Watch | Nagaon news: আজাদ নগৰ চাবোন ফেক্টৰীৰ সমীপত মৰিকলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাওঁ: দেওবাৰে পূৱা প্ৰায় 10 মান বজাত মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে আজাদ নগৰৰ চাবোন ফেক্টৰীৰ সমীপত চলায় ড্ৰাগছৰ বিৰুদ্ধে অভিযান । আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰিবলৈ সক্ষম হয় এজন সৰবৰাহকাৰীক ।
আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় 64টা কনটেইনাৰ সহ এটা ম’বাইল । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ কনটেইনাৰ সহ 83.44 গ্ৰাম বুলি জানিব পৰা গৈছে।লগতে আৰক্ষীয়ে আটক কৰিছে ইমৰাণ আলি নামৰ এজন সৰবৰাহকাৰীক । সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী ইমৰান আলীক আৰক্ষী থানালৈ নি অধিক তথ্যৰ কাৰণে সোধ পোচ চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।