WATCH | Nagaon News : নগাঁৱৰ ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক

নগাঁও,১৯জুন : নগাঁৱৰ ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক।
নগাঁও ৰহাৰ কিশোৰী হত্যাকাণ্ডৰ সন্দৰ্ভত ইতিমধ্যে ৫ যুৱকক আটক কৰিছে নগাঁও আৰক্ষীয়ে।
কিশোৰী হত্যাকাণ্ডৰ সন্দৰ্ভত গুৱাহাটীত অভিযান চলাই নগাঁও আৰক্ষীয়ে আটক কৰিছে নন্দ কিশোৰ শ্বাহ আৰু ধীৰাজ কুমাৰ নামৰ দুই যুৱকক।
গুৱাহাটীৰ ISBT ৰ পৰা আটক কৰা বিহাৰৰ নন্দ কিশোৰ আৰু ধীৰাজক নগাঁও সদৰ থানাত সোধপোছ চলাই আছে তদন্তকাৰী আৰক্ষীয়ে ।
ধৃত দুই অভিয়ুক্তৰ হাতত আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিশোৰী গৰাকীয়ে ব্যৱহাৰ কৰা ছিম কাৰ্ড(Nagaon News)।
ৰহাৰ কিশোৰী গৰাকী ১১ জুনত সন্ধানহীন হোৱাৰ পিছত যোৱা ১৬ জুনৰ নিশা নগাঁও ডিফলু শিৱ মন্দিৰ তিনিআলিত পথৰ দাঁতিত মৃত অৱস্থাত উদ্ধাৰ হৈছিল।
ইয়াৰ পিছত নগাঁও আৰক্ষীয়ে তদন্ত কৰি কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আবু হানিফ,আমিৰ হামজা আৰু আজিজুল হকক আটক কৰিছিল।