Local, Vocal, Global

WATCH | Nagaon News : ‘অসমত বাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ’

নগাঁও,১৭জুন : ‘অসমত বাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ। যাৰ কাৰণে মধ্যস্থলত বসবাস কৰা নগাঁও,মৰিগাঁও,হোজাই আৰু শোণিতপুৰ জিলাৰ নেতৃত্বক একগোট কৰি আমি এক কৰ্মশালাৰ আয়োজন কৰিছে ।

‘আমি বিদেশীমুক্ত অসম বিচাৰো , খিলঞ্জীয়াৰ প্ৰভূত্ব থকা অসম বিচাৰো ।খিলঞ্জীয়া মুছলমান এতিয়াও যদি প্ৰয়োজন হয় পাকিস্তানৰ বিৰুদ্ধে যুঁজিব বিদেশীৰ বিৰুদ্ধে যুঁজিব এতিয়াও যদি প্ৰয়োজন হয়।’

মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বিৰোধী হিচাপে চৰকাৰে কৰা কামক সমৰ্থন জনাইছে । প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মিত্ৰজোটলৈ কেতিয়া আহে আমাক দিন তাৰিখ জনাই দিলে ভাল পাম(Nagaon News)।

অসম গণ পৰিষদ নগাঁও জিলা কাৰ্য্যালয়ত অসম ধৰ্মীয় সংখ্যালঘু পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত নগাঁও নগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মী সভাত এই মন্তব্য কৰে নগাঁও জিলা অগপ সভাপতি মনি মাধৱ মহন্তই।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : বিধায়ক ভূৱন পেগুৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা