WATCH | Nagaon News : ”ৰূপম শইকীয়াৰ লগত মোৰ লগত কোনো সম্পৰ্ক নাই”
নগাঁও,১৫জুন : ”ৰূপম শইকীয়াৰ লগত মোৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ মোৰ এজন ভাল বন্ধু। মোৰ স্বামী আৰু স্বামী গৃহৰ লোকে ৰূপম শইকীয়াৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰিছে।মোৰ স্বামী দ্বীপ জ্যোতি শইকীয়াই ড্ৰাগছ খোৱাৰ বাবে মই তেওঁৰ লগত নাথাকো। ড্ৰাগছ খাই মোক মোৰ স্বামীয়ে মাৰপিট কৰে।”
”ৰূপম শইকীয়া নিৰ্দোষী। মই নগাঁও সদৰ থানাত দ্বীপ জ্যোতি শইকীয়াৰ বিৰুদ্ধে অভিযোগ কৰি দি থৈছো। মই তিনি মাহ ধৰি মোৰ স্বামী গৃহলৈ যোৱা নাই।”
উল্লেখ্য যে, দুদিন পূৰ্বে দ্বীপ জ্যোতি শইকীয়াৰ পত্নী ৰূপম শইকীয়া নামৰে ভুৱা নামেৰে এজন মুচলমান যুৱকৰ লগত লাভ জেহাদৰ বলি হৈছিল বুলি গুৰুত্বৰ অভিযোগ কৰি এটা বাতৰি প্ৰচাৰ কৰিছিল।তাৰ পিছতেই নগাঁও আৰক্ষীয়ে আটক কৰিছিল ৰূপম শইকীয়াক(Nagaon New)।
দেওবাৰে দ্বীপ জ্যোতি শইকীয়াৰ পত্নীয়ে কেমেৰাৰ সন্মুখত স্বামী আৰু স্বামী গৃহৰ সকলো অভিযোগ নস্যাৎ কৰাৰ লগতে ৰূপম শইকীয়াক মুকলি কৰি দিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : মঙলদৈত উষ্ম আদৰণি সভাপতি গৌৰৱ গগৈক