Local, Vocal, Global

WATCH | Nagaon News : নগাঁও জিলা মতিৰাম বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী

নগাঁও,১১জুন : নগাঁও জিলা মতিৰাম বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ।

সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নগাঁও জিলা সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন।

দেশব্যাপী চলি থকা লিংগ -হিংসাৰ ঘটনাৰাজিত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পক্ষপাতমূলক আচৰণ, নীৰৱতা আৰু বিজেপিৰ বহতীয়া হৈ পৰাৰ বিৰুদ্ধে সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে(Nagaon News)।

উক্ত কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহাতকাৰৰ পদত্যাগ তথা স্বাধীন – নিৰপেক্ষ মহিলা আয়োগ গঠনৰ দাবী উত্থাপন কৰিছে ।

বিক্ষোভ কাৰ্য্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে উক্ত বিষয়টোৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰগতিশিল নাৰী সন্থাৰ বিষয়ববীয়াই ।

লগতে পঢ়ক : WATCH | AAMSU : NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব চৰকাৰে