Local, Vocal, Global

Watch | Nagaon News : নগাঁৱৰ বেঙেনাআটিত চাঞ্চল্যকৰ ঘটনা

নগাঁও : মাতৃয়ে ১০ হাজাৰ টকাত নৱজাতক বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন। নৱজাতকটিক চৰত বিক্ৰী কৰাৰ সন্দেহ। বেঙেনাআটিৰ আলী হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ফাটেমা বেগম নামৰ মহিলা গৰাকীয়ে এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ। যোৱা বুধবাৰে দুটি সন্তান জন্ম দিছিল ভাড়াতীয়া ফাতেমা বেগমে। পৰৱৰ্তী সময়ত এটি সন্তান মৃত্যু হোৱা বুলি জনাই স্থানীয় লোকক ৷

আনটি সন্তানক চৰত বিক্ৰী কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। বৰপেটাৰ তাজনুৰ নামৰ এজন ব্যক্তিৰ লগত বিয়া হোৱা নগাঁও ম’হখুলিৰ ফাটেমাক বেঙেনাআটিৰ ভাড়াঘৰত থৈ যায় স্বামীয়ে। স্থানীয় ৰাইজে নিচাসক্ত ফাটেমাই ড্ৰাগছৰ বাবে নিজৰ সন্তানক বিক্ৰী কৰাৰ সন্দেহ কৰিছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰি আৰম্ভ কৰিছে তদন্ত।