WATCH | Nagaon News : ননৈ মহাবিদ্যালয়ৰ সুৰীয়া সাংস্কৃতিক অভিযান /২৫

নগাঁও,৩জুন : যোৱা কেইবাদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলা কামপুৰৰ ওপৰিও ননৈ কঠীয়া অঞ্চলৰ বিভিন্ন ঠাইত বানপানীয়ে প্লাবিত কৰি তুলিছে।
তাৰ পৰিপ্ৰেক্ষিতত ননৈ মহাবিদ্যালয়ে সুৰীয়া সাংস্কৃতিক অভিযান ২৫ নামেৰে এটি অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে সুৰীয়া সাংস্কৃতিক অভিযান /২৫ ৰ জৰিয়তে ননৈ মহাবিদ্যালয়ত অধ্যয়ন কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে বানপানীৰ কবলত পৰিছে সেই ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱকৰ ওচৰত থিয় দিব ননৈ মহাবিদ্যালয়ৰ কতৃপক্ষ তথা ছাত্ৰ ছাত্ৰী সকলে(Nagaon News)।
সুৰীয়া সাংস্কৃতিক অভিযান /২৫ ৰ জৰিয়তে ননৈ মহাবিদ্যালয়ৰ অন্তৰ্গত ভিন্ন ঠাইত সুৰীয়া সাংস্কৃতিক নামৰ এক বাটৰ নাট প্ৰদৰ্শন কৰিব আৰু এই বাটৰ নাটত যিসকল দৰ্শকে চাবলৈ আহিব সেই দৰ্শকসকলক ননৈ মহাবিদ্যালয়ৰ কতৃপক্ষ তথা ছাত্ৰ ছাত্ৰী সকলে কৰিব যাতে বান পীড়িত লোকসকললৈ আৰ্থিকভাৱে নহলেও কম পৰিমানে হলেও খাদ্য সামগ্ৰী আগবঢ়াই।