Nagaon News: নগাঁৱত প্ৰতিবাদত নামিল প্ৰশাসনিক কৰ্মচাৰী

নগাঁও,১০ ফেব্ৰুৱাৰী: পুনৰ নগাঁৱত প্ৰতিবাদত নামিল প্ৰশাসনিক কৰ্মচাৰী। অসম চৰকাৰে নীতি বৰ্হিভূতভাৱে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আন্তঃজিলা বদলি কৰা কাৰ্য্যৰ বিৰুদ্ধে কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰী সকলে(Nagaon New)।
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত নগাঁও জিলা আযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে অৰ্ধ শতাধিক কৰ্মচাৰীয়ে।
অভিযোগ অনুসৰি মাজুলী জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক শ্ৰী গৌতম ভূঞাক নীতি বৰ্হিভূতভাৱে বদলিকৰণ কৰা হৈছিল যোৰহাট জিলালৈ। শীঘ্ৰেই চৰকাৰৰ এনে সিদ্ধান্ত বাতিল নকৰিলে অথবা ৰাজ্যৰ আন-আন জিলাসমূহতো প্ৰশাসনিক কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া স্থগিত নাৰাখিলে মঙলবাকে পুনৰ দুঘণ্টীয়া কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰিলে প্ৰতিবাদী কৰ্মচাৰীসকলে।