Local, Vocal, Global

WATCH | Nagaon News : পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিজয় উৎসৱ উদযাপন

নগাঁও,২২এপ্ৰিল : বঢ়মপুৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত ৰঙালী বিহু আৰু বিজয় উৎসৱ উদযাপন কৰিলে দলীয় কৰ্মকৰ্তা সকলে।

চাপানালৰ খেল পথাৰত ৰঙালী বিহু আৰু একে লগে বিজয় উৎসৱ পালন কৰি বিধায়ক জিতু গোস্বামীয়ে অঞ্চলৰ জেষ্ঠ ব্যক্তি সকলক একোখন কৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই।
আগন্তুক হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ১৫ জন আঞ্চলিক সদস্য, ৩ জন জিলা পৰিষদ আৰু ৭৭ জন পঞ্চায়ত সদস্যই বিনা প্ৰতিদণ্ডিতাই জয়লাভ কৰাক লৈ এই বিজয় উৎসৱ পালন কৰে কৰ্ম কৰ্তাসকলে(Nagaon News)।

এইবাৰ পঞ্চায়ত নিৰ্বাচনত বঢ়মপুৰ সমষ্টি কংগ্ৰেছমুক্ত হ’ব বুলি বিধায়ক গৰাকীয়ে মন্তব্য প্ৰদান কৰে। যি সকল প্ৰতিনিধি ইতিমধ্যে জিকিলে তেওঁলোকক ৰাইজৰ হকে কাম কৰিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে।

লগতে পঢ়ক :WATCH | Himanta Biswa Sarma : নিশা নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত মুখ্যমন্ত্ৰী