Local, Vocal, Global

WATCH | Nagaon News : নগাঁও জিলা ধিং গেইটৰ সমীপত ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

নগাঁও,৪এপ্ৰিল : নগাঁও জিলা ধিং গেইটৰ সমীপত ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।

নগাঁও জিলা আমছুৱে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে নগাঁও জিলা লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমছুৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিধেয়কখন বাতিল নকৰিলে পৰৱৰ্তী সময়চোৱাত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা আমছুৱে(Nagaon News)।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা আমছুসভাপতি আব্দুল নুৰ,সম্পাদকদ্বয় ক্ৰমে আশ্ৰাফুল হুছেইন, চাদ্দাম হুছেইন উপস্থিত থকাৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | RHAC Election 2025: ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ ৰেল্লিনা জে চাংমাই দখল কৰিলে পৰিষদৰ আসন