WATCH | Nagaon News: নগাঁৱত এইবাৰ প্ৰৱঞ্চনাৰে লুটি নিলে শ্ৰমিকৰ ধন
নগাঁও,৩এপ্ৰিল : নগাঁৱত এইবাৰ প্ৰৱঞ্চনাৰে লুটি নিলে শ্ৰমিকৰ ধন ৷ হয়, নগাঁৱৰ মৰিকলংত সংঘটিত হৈছে এই ঘটনা ৷
কেইবাজনো শ্ৰমিকক চৰকাৰী শ্ৰমিক আঁচনিৰ চেক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি প্ৰতিজন শ্ৰমিকৰ পৰা লৈ যায় ১০ হাজাৰ কৈ টকা ৷ ধন সমগ্ৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত(Nagaon News)৷
জানিব পৰা মতে, কামপুৰ কচুৱা পাহাৰতলীৰ কেইবাজনো শ্ৰমিক জাগুনৰ পৰা কাম কৰি ঈদৰ বাবে ঘৰলৈ আহি থকা অৱস্থাত নগাঁৱত এজন লোকে শ্ৰমিকলৈ চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰিছে বুলি ভূৱা প্ৰতিশ্ৰুতি দেখুৱাই মৰিকলং চাৰিআলিলৈ আনি প্ৰতিজন শ্ৰমিকৰ পৰা ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰি উধাও হয় ৷
পাছত শ্ৰমিক কেইজন মৰিকলং আৰক্ষীক সকলো ঘটনা বিৱৰি কোৱাত আৰক্ষীয়ে চিচি কেমেৰা ভিডিঅ সংগ্ৰহ কৰি অভিযান চলাইছে যদিও দূৰ্বৃত্ত জনক এই পৰ্যন্ত আটক কৰিব পৰা নাই(Nagaon News) ৷
লগতে পঢ়ক : WATCH | Massive fire breaks out: নলবাৰীৰ মুকালমুৱাৰ বৰলীয়াৰপাৰত ভয়ংকৰ অগ্নিকাণ্ড