WATCH | Nagaon News : তাৰাবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় ইফতাৰ মেহফিল
নগাঁও,২৩ মাৰ্চ : চামগুৰি সমষ্টিৰ গৰাজান জিলা পৰিষদৰ এলেকাত তাৰাবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় ইফতাৰ মেহফিল।
প্ৰায় পাঁচ হাজাৰ হিন্দু- মুছলমানে সমূহীয়া বাবে একেলগে গ্ৰহন কৰিলে ইফতাৰ।
ভাৰতীয় জনতা পাৰ্টীৰ গৰাজান জিলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছিল ইফতাৰ মেহফিল(Nagaon News)।
ভাৰতীয় জনতা পাৰ্টীৰ চামগুৰি সমষ্টিৰ গৰাজান জিলা পৰিষদৰ উদ্যোগত ৰমজান মাহ উপলক্ষে আয়োজিত হোৱা সমূহীয়া ইফতাৰ মেহফিলত প্ৰায় ৫ হাজাৰ লোকে একে লাগে গ্ৰহন কৰিলে ইফতাৰ ।
আজি গৰাজান মণ্ডলৰ উদ্যোগত গৰাজান জিলা পৰিষদ পৰ্য্যায়ত দক্ষিন খাটোৱাল গাওঁ পঞ্চায়তৰ অন্তৰ্গত তৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় এই সমূহীয়া ইফতাৰ মেহফিল।
উক্ত ইফতাৰ মেহফিলত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ গৰাজান মণ্ডলৰ সভাপতি বিপ্লৱ তৰফদাৰ, বিশিষ্ট সমাজ সেৱক মজিবুৰ ৰহমান, গৰাজান মণ্ডলৰ সদস্যা তথা গৰাজান জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশী ইলিজা ৰহমান, ও দলীয় বিভিন্ন নেতা কৰ্মীৰ লগতে প্ৰায় 5 হাজাৰত কৈ অধিক লোকে অংশগ্ৰহণ কৰে উক্ত ইফতাৰ মেহফিলত।