Nagaon News:নগাঁৱৰ কঠীয়াতলীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ

নগাঁও,১জানুৱাৰী : নগাঁৱৰ কঠীয়াতলীৰ এজন লোকৰ ব্যতিক্ৰমী পদক্ষেপ। নিজ ঘৰতে স্থাপন কৰিছে সংগ্ৰহালয়।লোকজনে সাজি উলিয়াইছে বাঁহ আৰু কাঠেৰে বিভিন্ন ধৰণৰ মূৰ্তি।কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজি ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লোকজনে(Nagaon News)।
ভূপেন চন্দ্ৰ বৰদলৈ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে বাঁহ আৰু কাঠেৰে বিভিন্ন ধৰণৰ মূৰ্তিৰ লগতে অসমৰ পৌৰাণিক কালৰ বিভিন্ন আচবাবৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ সাজি উলিওৱাৰ লগতে কিছু সংগ্ৰহ কৰি নিজ বাসগৃহৰ সংগ্ৰাহলয়ত ৰাখি ৰাইজৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ।
পৌৰাণিক সময়ৰ গ্ৰামোফোন, কেমেৰা, টোকোৰা চৰাইৰ বাঁহ টেপ ৰেকৰ্ড আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সংৰক্ষণ কৰি অঞ্চল বাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে । নগাঁও জিলাৰ কন্দলী হাবি গাৱত জন্ম গ্ৰহণ কৰা ভূপেন বৰদলৈয়ে সৰুৰে পৰা আগ্ৰহী এনেবোৰ কাৰ্যৰ লগত । আজৰি সময়ত ভাস্কৰ্য শিল্পৰ লগতে কিতাপ পঢ়া,গান শুনাৰ লগতে “য়াৰেং ” নামৰ এখনি গ্ৰন্থ ও লিখি সমাদৰ লাভ কৰে । বৰদলৈৰ এনে প্ৰসংশনীয় পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলবাসী ৰাইজে ।
লগতে পঢ়ক :Dead Body found in Mangaldoi : বছৰৰ প্ৰথম দিনটোত মঙলদৈত উদ্ধাৰ মৃতদেহ