WATCH | Nagaon News : শিক্ষকৰ বিৰুদ্ধে ছাত্রীক অশালীন ইংগিত প্ৰদানৰ অভিযোগ
নগাঁও,২৩মাৰ্চ : শিক্ষকৰ বিৰুদ্ধে ছাত্রীক অশালীন ইংগিত প্ৰদানৰ অভিযোগ। ৰাজীৱ কলিতা নামৰ শিক্ষকজনৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ।
নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্রীক অশালীন আচৰণ কৰাৰ অভিযোগ শেহতীয়াকৈ পোহৰলৈ আহিছে।
যোৱা ২৬ ফেব্ৰুৱাৰীত বিদ্যালয়খনৰ এগৰাকী ছাত্রীয়ে ৰাজীৱ কলিতা নামৰ শিক্ষকজনৰ বিৰুদ্ধে প্ৰধান শিক্ষকক দিয়া অভিযোগ মতে শিক্ষকজনে ছাত্রী গৰাকীক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বিনিময়ত ধন বিচাৰিছিল। পৰৱৰ্তী সময়ত ছাত্রী গৰাকীক অশালীন ইংগিতো প্ৰদান কৰিছিল(Nagaon News)।
আনকি ছাত্ৰী গৰাকীক ফোনযোগে পৰীক্ষাত সহায় কৰাৰ প্ৰলোভন দি অশালীন ইংগিত দিয়ে। ইতিমধ্যে ছাত্ৰী গৰাকীয়ে মবাইলত কৰা ফোন ৰেকডিঙ বিদ্যালয়খনৰ কৰ্তৃপক্ষক দিয়া অভিযোগৰ লগত সংলগ্ন কৰি দিছে। ছাত্রী গৰাকীৰ এই অভিযোগৰ পিচতেই বিষয়টো সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে এক জৰুৰী সভা অনুষ্ঠিত কৰি বিতৰ্কিত শিক্ষক গৰাকীক পৰীক্ষাৰ সমুহ দায়িত্বৰ পৰা আতৰাই ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
সেই মৰ্মে অধ্যক্ষ গৰাকীয়ে পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ বিষয়টো জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীক অৱগত কৰে। সেই পত্ৰৰ পিচতেই পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াইও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকক শিক্ষকজনক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তত্বাৱধায়কৰ দায়িত্বৰ পৰা নিলম্বিত কৰা হৈছে বুলি অবগত কৰি পত্ৰ প্ৰেৰণ কৰে।
ইপিনে, শেহতীয়াকৈ যোৱা ১ মাৰ্চত বিদ্যালয় সমূহৰ পৰিদৰ্শকে IS/NDC/APP/SUS/2025/517 Dtd. 01/03/2025 নম্বৰৰ নিৰ্দেশ মৰ্মে শিক্ষকজনৰ ওপৰত কিয় শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব ইয়াৰ উত্তৰ বিচাৰি লিখিত কৈফিয়ৎ বিচাৰে।অৱশ্যে অতি ৰহস্যজনক ভাবে বিদ্যালয়সমুহৰ পৰিদৰ্শক গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উঠিছে।উল্লেখযোগ্য যে গুৰুজনাৰ নামৰে স্থাপিত বিদ্যালয় এখনৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত জব্দ 7.62 MM সজীৱ গুলি, এটা বুলেট আৰু বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ