WATCH | Nagaon News : নগাঁৱৰ লায়ন্স ক্লাবৰ সদস্য ললিত কুমাৰ কোঠাৰী লায়ন্স জিলা ৩২২ডিৰ গৱৰ্নৰ হিচাপে নিৰ্বাচিত
নগাঁও,১৩মাৰ্চ : নগাঁৱৰ লায়ন্স ক্লাবৰ সদস্য ললিত কুমাৰ কোঠাৰী লায়ন্স জিলা ৩২২ডিৰ গৱৰ্নৰ হিচাপে নিৰ্বাচিত।
মণিপুৰৰ ৰাজধানী ইম্ফলত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা যোৱা ৮ আৰু ৯ মাৰ্চত ৪৬ সংখ্যক বাৰ্ষিক লায়ন্স জিলা সন্মিলনত উত্তৰ-পূবৰ চাৰিখন ৰাজ্যৰ ৬৭০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে(Nagaon News)।
উক্ত সন্মিলনখনত নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ পৰা লায়ন ললিত কুমাৰ কোঠাৰীক সৰ্বসন্মতিক্ৰমে ২০২৫-২৬ অধিৱেশনৰ বাবে গৱৰ্ণৰ হিচাপে নিৰ্বাচিত কৰা হয়।
সমাজৰ হকে দৃঢ়ভাৱে লায়ন্স ক্লাবে কাম কৰি যাব বুলি সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে লায়ন্স ক্লাবৰ ৩২২ডিৰ গৱৰ্নৰ হিচাপে নিৰ্বাচিত হোৱা ললিত কুমাৰ কোঠাৰী , কেবিনেট সম্পাদক অনিল শৰ্মাৰ লগতে লায়ন্স ক্লাবৰ অন্যতম সদস্য নানু দাসে।
লগতে পঢ়ক : WATCH | Dergaon News : বাজেটত হাতী-মানুহৰ সংঘাতৰ বিষয়ত গোলাঘাটৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ প্ৰতিক্ৰিয়া