Local, Vocal, Global

Nagaon News:চামগুৰি আৰক্ষী থানাৰ সন্মুখত এজন গো-পালকৰ চকুত চকুলো

নগাঁও,১৯ ডিচেম্বৰ : চামগুৰি আৰক্ষী থানাৰ সন্মুখত এজন গো-পালকৰ চকুত চকুলো।

চামগুৰিৰ ভেলেউগুৰি গোলাপ শইকীয়াৰ গোহালি উদং কৰি পোৱালী সহ ৫টা গৰু নিশা চুৰে চুৰি কৰি লৈ যোৱাত এতিয়া কান্দোনত ভাঙি পৰিছে কৃষক গৰাকী।ঘৰত থকা গৰু কেইটাৰে পৰিয়াল পোহপাল দি থকা গোলাপ শইকীয়াৰ মৰমৰ গৰু কেইটা চুৰি হোৱাত দুখত ভাঙি পৰিছে।ইয়াৰ পূৰ্বেও দুবাৰকৈ উক্ত ব্যক্তি গৰাকীৰ বাসগৃহৰ পৰা চোৰে নিছে কেইবাটাও বলধ গৰুসহ মাইকী গৰু(Nagaon News)।

গোলাপ শইকীয়াই গোহালীৰ পৰা গৰু চোৰ কৰা গৰু সহ চোৰক বিচাৰি চামগুৰি আৰক্ষীক দাখিল কৰিলে এজাহাৰ।

উল্লেখ যে নিশা গাওঁখনত গাওঁৰক্ষী বাহিনীয়ে পহৰা দি থকাৰ সময়তো কেনেদৰে সংঘটিত হ’বলৈ পালে এনে গৰু চুৰি ঘটনা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।চামগুৰিৰ বিভিন্ন প্ৰান্তত বিগত বহুদিন ধৰি সংঘটিত হৈছে আছে গৰু চুৰি কাণ্ডৰ ঘটনা।বিগত এটা সপ্তাহত চামগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৪-২০ টাকৈ গৰু চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে।
এচাম ছাগলী-গৰু চোৰৰ বাবেই যেন এতিয়া খিলঞ্জীয়া অসমীয়া লোকে ঘৰত গৰু-ছাগলী পুহিব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে,বিপাঙত পৰিছে গৰু-ছাগলী পুহি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ লোক সকলো।

লগতে পঢ়ক :Moran News: মহিলাৰ প্ৰৱঞ্চনাৰ বলি মৰাণৰ একাংশ মহিলা