Local, Vocal, Global

Nagaon flood wooden bridye wash away in Kachua : নগাঁৱৰ কচুৱাত বানৰ ভয়াৱহ ৰূপ; বানে ভাঙিলে কাঠৰ দলং

নিউজ ডেস্ক,২৯মে’ : নগাঁৱৰ কচুৱাত বানৰ ভয়াৱহ ৰূপ। খানদং বান্ধৰ ৭খন গেট খুলি দিয়াত ফেনে ফোটোকাৰে বাঢ়িছে কপিলী। বৰপানীৰ ভিন্ন অঞ্চল বুৰ গৈছে বাঢ়নী পানীত। বানে ভাঙিলে এখন কাঠৰ দলং(Nagaon flood wooden bridye wash away in Kachua)।

মঙলবাৰে নিশা কচুৱাৰ ৰমণীপথাৰৰ দলং ভাঙিলে বানে। বানৰ আতংকত শংকিত কপিলীপৰীয়া কচুৱা, মাধৱপুৰ, লংজাপ, জুৰিপাৰ, শিমলুগুৰি গাঁও জলমগ্ন।

ইফালে, নগাঁৱৰ কামপুৰ মাধৱপাৰাত বানে উটুৱাই নিলে দলং। মাধৱপাৰাৰ সমীপত বানে উটুৱাই নিলে এখন বাঁহৰ দলং।
খানদাং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছতে কামপুৰ, কচুঁৱা, বৰাপানীত হাহাকাৰ। কামপুৰৰ বহু অঞ্চলত বৰাপানীৰ বাঢ়নী পানী সোমোৱাৰ আশংকা।

লগতে পঢ়ক : Cyclone Remal triggers rain, leading to quarry collapse : মিজোৰামত শিলৰ কুৱেৰী খহি নিহত ১০জন;সন্ধানহীন কেইবাজনো