Local, Vocal, Global

Watch | Nagaon Cancer herbal medicine: নগাঁৱৰ শেনচোৱা কলংপাৰৰ এটা পৰিয়ালে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে আনিছে আশাৰ বতৰা

নগাঁও : জটিল ৰোগত আক্ৰান্ত সকলৰ বাবে এটা ভাল খবৰ। নগাঁৱৰ শেনচোৱা কলংপাৰৰ এটা পৰিয়ালে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে আনিছে আশাৰ বতৰা।

পৰিয়ালটোৰ জীয়ৰী কল্পনা দাস নামৰ যুৱতী গৰাকীয়ে ঘৰতে তৈয়াৰ কৰা বনৌষধিৰে কৰ্কট ৰোগ নিৰ্মূল কৰাৰ দাবী কৰি আহিছে দীৰ্ঘদিনে।

প্ৰয়াত পিতৃৰ পৰা আহৰণ কৰা প্ৰণালীৰে কল্পনাই ২০০১ চনৰ পৰা তৈয়াৰ কৰি অহা বনৌষধি বিধ সেৱন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্কট আক্ৰান্ত বহুজন ৰোগীয়ে নিজকে আৰোগ্য কৰি তুলিছে বুলি সদৰি কৰিছে ৰোগীৰ আত্মীয়ই।

যাৰ বাবে যুৱতী গৰাকীৰ ঘৰত নিতৌ ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা ৰোগী তথা আত্মীয় সকলে। নিজ ইচ্ছা অনুযায়ী সামান্য মাননীৰ বিনিময়ত ৰোগীসকলৰ বাবে আহৰণ কৰিব পাৰে বনৌষধি বিধ। প্ৰায় ছমাহৰ পৰা এবছৰ পৰ্য্যন্ত ৰোগীয়ে গ্ৰহণ কৰিব লগিব ঔষধবিধ।

সপ্তাহটোৰ ভিতৰত কেৱলমাত্ৰ বৃহস্পতিবাৰেহে ঔষধবিধ যোগান ধৰা নহয় ৰোগীসকলৰ বাবে। নগাঁৱৰ এই ভাল খবৰে এতিয়া সুস্থহৈ উঠাত প্ৰেৰণা যোগাইছে কৰ্কট ৰোগসকলৰ লগতে তেওঁলোকৰ আত্মীয়কো।