Local, Vocal, Global

WATCH | Nagaon AAMSU Protest : নগাঁৱত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

নগাঁও,১৯জুন : ৰাজ্যত অব্যাহত ৰাখিছে বেদখলকৃত চৰকাৰ ভূমিত উচ্ছেদ অভিযান। কিন্তু চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ সংখ্যালঘু সংগঠনে।

চৰকাৰী উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হৈছে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী(Nagaon AAMSU Protest)।

আমছুৰ প্ৰায় শতাধিক কৰ্মী-সমৰ্থকে নেহৰুবালি পথাৰৰ সন্মুখত অৱস্থান গ্ৰহন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক তথা উচ্ছেদিত শিশু মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰক আদি বহুকেইটা দাবী সম্বলিত এখন স্মাৰকপত্ৰও নগাঁও জিলা আয়ুক্ত গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ দিহা কৰিছে আমছুৰ নগাঁও জিলা নেতৃত্বয়ে।

লগতে পঢ়ক : WATCH | Road Accident : চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা