Made in Nagaland app launched : নাগালেণ্ডত মুকলি ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ এপ
নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ : মুকলি ড্ৰাগছৰ সৰবৰাহৰ নিৰ্মূলৰ এপ । নাগালেণ্ড আৰক্ষীয়ে মুকলি কৰিলে ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ এপ । বুধবাৰে মুকলি কৰিলে এই এপটো(Made in Nagaland app launched)।
নাগালেণ্ড আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই কয় যে ধনদাবী আৰু ড্ৰাগছ সম্পৰ্কীয় এপটোৱে ৰাজ্যখনক অপৰাধ ৰোধ কৰাত আৰক্ষীক সহায় কৰিবলৈ সক্ষম হ’ব(Nagaland Police launches app to eradicate extortion drug menance ) ।
আৰক্ষী সঞ্চালক প্ৰধানজনে এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে ,নাগৰিকে (মুভমেণ্ট এগেইনষ্ট ড্ৰাগছ এণ্ড এক্সটৰ্চন ইন নাগালেণ্ড) ‘Madeinagaland’ এপৰ জৰিয়তে বা ৱেবছাইট https://madeinagaland.com/nagaland/website/ ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে বুলি ।”
লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে কয়, যোৱা কেইমাহমানৰ পৰা সমগ্ৰ নাগালেণ্ডৰ পৰা ধন দাবীৰ অভিযোগত প্ৰায় ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ য’ত বেছিভাগ গোচৰ আৰক্ষীৰ দ্বাৰা বা আৰক্ষীৰ উদ্যোগত Suo Moto Action ৰ দ্বাৰা বন্ধ কৰা হৈছে ৷”আৰক্ষী সঞ্চালক প্ৰধান শৰ্মাই জনায় যে নাগালেণ্ড আৰক্ষীয়ে ড্ৰাগছৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰি আহিছে ৷ আৰক্ষী বিভাগৰ ভিতৰত তেওঁলোকৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে বুলিও উল্লেখ কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে । তেওঁ কয় যে বিভাগে ড্ৰাগছ/নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰতি আকৰ্ষিত আৰক্ষী কৰ্মীকো পুনৰ্বাসনলৈ যাবলৈ জাননী জাৰি কৰিছে ৷ অন্যথা ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কঠোৰ নিৰ্দেশনা দিছে(Nagaland Police launches app to fight drugs and extortion) ।
নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে তেওঁলোকে নাগালেণ্ড আৰক্ষীৰ প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিছে, য’ত ৪৩ জন আৰক্ষী জোৱানক নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্ট (এনডিপিএছ)ৰ অধীনত নিলম্বিত কৰা হৈছে । আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে আৰু কয় যে আৰক্ষী হিচাপে তেওঁলোকৰ কামত নিষ্ক্ৰীয় কৰ্ম দক্ষতাৰ প্ৰতি কোনো নম্ৰতা নাথাকিব ৷ লগতে নাগালেণ্ড আৰক্ষী বা চৰকাৰলৈ দুৰ্নাম কঢ়িয়াই অনা লোকৰ প্ৰতিও কোনো ধৰণৰ সদভাৱ নাথাকিব । ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি ভালেই আছে বুলিও উল্লেখ কৰি মাজে সময়ে দুই এটা প্ৰাণঘাতী দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।
তেওঁ আৰু কয় যে বিভাগে অংশীদাৰসকলৰ সৈতে জড়িত হোৱাৰ লগতে পৰামৰ্শ ল’ব আৰু যান-বাহন পৰীক্ষাৰ ক্ষেত্ৰত বিষয়বোৰ উন্নত কৰাৰ চেষ্টা কৰিব ৷ কাৰণ কিছুমান দুৰ্ঘটনা দুৰ্গম অঞ্চলত সংঘটিত হৈছে ৷ য’ত আৰক্ষীয়ে তালাচী কৰাটো সদায় সম্ভৱ নহয় ।ধৰ্ষণৰ দুই-এটা গোচৰ সংঘটিত হৈছে বুলিও উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আৰক্ষীয়ে যিমান পাৰে সকলো কাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ৷
লগতে পঢ়ক :CRPF to give security cover to CBI teams in Manipur : মণিপুৰত CBI ক নিৰাপত্তাৰ দিব CRPF য়ে