Local, Vocal, Global

Na Khowa festival celebrate: ন-খোৱাৰ আনন্দত মছগুল মৈজালীবাসী

ছিপাঝাৰ,১৬ডিচেম্বৰ: আঘোণ মানেই শস্য-সম্ভৱা সোণোৱালী পথাৰ ৷ আঘোণ মানেই সোণগুটি চপোৱাৰ বতৰ । কেৱল সোণালী ৰঙেৰে উদ্ভাসিত হৈ পৰিছে অসমৰ আঘোণৰ পথাৰ । আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে চহা কৃষক-দাৱনী । আনফালে আকৌ বহু গাঁৱৰ ৰাইজে ধান চপাই নতুন ধানেৰে ন-খোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

অৱশ্যে আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ গ্ৰাম্য সমাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে এই ন-খোৱা পৰ্ব ৷ হাঁহে-মাহে নতুন ধানৰ চাউলেৰে সকলোৱে একেলগে এসাঁজ খোৱাৰ আমেজেই কিছু সুকীয়া(Na Khowa festival celebrate) ৷

বিপুল আনন্দ উল্লাসৰ মাজেৰে মৈজালীত ন-খোৱা অনুষ্ঠান উদযাপন । গাওঁৰ ডেকাবুঢ়া,জীয়ৰী বোৱাৰী,জী-জোঁৱাই সকলোৱে ল’লে ভাগ।আঘোণ মাহৰ এই সোন গুটি চপোৱাৰ সময়ত দৰং কামৰূপ সীমান্তৱৰ্তী মৈজালী গাঁৱৰ ৰাইজে মিলি আয়োজন কৰিছে ন – খোৱা অনুষ্ঠান।

মৈজালি বাসুদেৱ নামঘৰ প্ৰাংগণত হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৈজালী গাঁওৰ জী-জোঁৱাই প্ৰীতি সন্মিলন,ভাগৱত পাঠ আৰু নখোৱা অনুষ্ঠান পালন কৰা হয়।

ৰাতিপুৱা নামঘৰত ভাগৱত পাঠৰ লগতে দিনৰ ১২ বজাত অৱসৰী শিক্ষক পূৰ্ণ ৰাম নাথৰ সঞ্চালনাত জী জোঁৱাই সন্মিলন অনুষ্ঠিত হয়।গীত মাত নৃত্য আনন্দ উল্লাসৰ মাজেৰে জীপাল হৈ পৰা উমেশ নাথ আৰু গনেশ্বৰ নাথে আঁতধৰা অনুষ্ঠানত লীলাৰাম নাথ,ৰুক্মৰাম নাথ,শিশু ভূঞা প্ৰমুখ্যে কেবাগৰাকীও আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে।

আনহাতে উৎসৱৰমুখৰ হৈ পৰা অনুষ্ঠানত জী- জোঁৱাই সকলক অসমীয়া স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে পৰম্পৰাগত খাদ্যৰে মৈজালী গাঁওৰ ৰাইজ জী -জোঁৱাই সকলোৱে এসাজ লগভাগে খাই নখোৱা উৎসৱত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক :Elephant menace in Dergaon: মৰঙিৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ