Local, Vocal, Global

Mysterious Suicide of Woman : বোৱাৰীৰ মৃত্যুত ৰহস্য; চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ (Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ (Mysterious Suicide of Woman ) ।

পুনৰ বোৱাৰীৰ মৃত্যুত ৰহস্য । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই (Mysterious Suicide of Woman in Cachar) ।

এইবাৰ কাছাৰত বোৱাৰীৰ মৃত্যুত ৰহস্য । কাছাৰৰত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ । চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ ।

জানিব পৰা মতে, কাছাৰৰ সোনাই দক্ষিণ মোহনপুৰত নৰুল ইছলামৰ পত্নী ইনাৰা বেগমক ডিঙিত চিপলৈ থকা অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে । লগে লগে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (Supected Murder in Cachar ) ।

প্ৰথম অৱস্থাত প্ৰতিবেশী সকলে ইনাৰাই মৃত্যুক আত্মহত্যা বুলি সন্দেহ কৰিছিল যদিও ইনাৰাৰ পিতৃৰ পৰিয়ালৰ লোকে এই মৃত্যু আত্মহত্যা বুলি মানি নলয় ৷

পিতৃপক্ষৰ অভিযোগ অনুসৰি , স্বামী নুৰুল ইছলামে ইনাৰাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে ৷ অভিযোগ অনুসৰি বিবাহৰ পিছৰে পৰা ইনাৰাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল নুৰুলে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামী নুৰুলসহ পৰিয়ালৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে সোনাই আৰক্ষী চকীত এক গোচৰ তৰিছে মৃত ইনাৰাৰ পিতৃ পৰিয়ালে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তসকলক ।

লগতে পঢ়ক : Son Brutally Killed Mother : পুত্ৰই ৰডেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰিলে মাতৃক