Local, Vocal, Global

WATCH | Mysterious Suicide of Woman : হত্যা নে আত্মহত্যা !বোৱাৰীৰ ৰহস্যজনক মৃত্যু

লামডিং,১৭জুন : লামডিঙত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ।

যৌতুকৰ বাবে স্বামীৰ পৰিয়ালৰ লোকে হত্যা কৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালবৰ্গৰ ।

বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক স্বামী আৰু শহুৰৰ পৰিয়ালে যৌতুকৰ বাবে নিৰ্যাতন চলোৱাৰো অভিযোগ ।

লামডিং জংঙ্গলী কালিবাড়ীত সংঘটিত হৈছে এই ঘটনা ৷ কাৰ্বিআংলং জিলাৰ প্ৰিয়ংকা দেৱনাথ নামৰ বোৱাৰী গৰাকী লামডিঙৰ ৰকি দেৱনাথলৈ বিয়া হৈছিল ৷ মৃত বোৱাৰীগৰাকীৰ কাৰ্বি আংলং জিলাৰ পৰা এটা মাহৰ পূৰ্ৱে লমডিঙলৈ বিয়া হৈ আহিছিল(Mysterious Suicide of Woman)৷ যৌতুকৰ বাবে তথা স্বামীৰ পৰকীয় প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ পুৱতি নিশা বোৱাৰী গৰাকীয়ে স্বামীগৃহৰ পকী কোৱাৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে ৷

ঘটনাৰ কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰিয়ংকাৰ পৰিয়ালে উত্তেজনাৰ সৃষ্টি কৰে ৷ ঘটনাস্থলীত লামডিং আৰক্ষী আৰু জিলা দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

ঘটনা সন্দৰ্ভত প্ৰিয়ংকাৰ পৰিয়ালে লামডিং থানাত দাখিল কৰাৰ এজেহাৰৰ ভিক্তিত ইতিমধ্যে লামডিং আৰক্ষীয়ে অভিযুক্ত স্বামী ৰকি দেৱনাথক আটক কৰিছে আৰু প্ৰিয়ংকাৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাৱলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : WATCH | Gaurav Gogoi :দুদিনীয়া কাৰ্যসূচীৰে মাহমৰাত APCC ৰ সভাপতি গৌৰৱ গগৈ