WATCH | Mysterious Suicide of Woman : কলিয়াবৰত ন- বোৱাৰীৰ ৰহস্যজনক মৃত্যু

কলিয়াবৰ,২৭মে’ : পুনৰ ৰাজ্যত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী ন-বোৱাৰীৰ মৃতদেহ ।
এইবাৰ কলিয়াবৰৰ শান্তিপুৰত পুনম বৰা নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহটো ।
পুনম বৰাৰ মাতৃগৃহ শিলঘাটৰ চামধৰা গাঁওত আৰু বিগত জানুৱাৰী মাহত পুনম কামপুৰৰ অম্লান জ্যোতি বৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ।
জানিব পৰা মতে, গুৱাহাটীত আৰক্ষী বিভাগত কৰ্মৰত অম্লান জ্যোতিয়ে কিছুদিন পূৰ্বে কলিয়াবৰ শান্তিপুৰত ভাড়া ঘৰ লৈ থাকিবলৈ লৈছিল । এই ভাড়া ঘৰটোৰ পৰাই উদ্ধাৰ কৰা হৈছে অম্লানৰ পত্নী পুনমৰ মৃতদেহ । প্ৰাৰম্ভিক ভাবে এইয়া আত্মহত্যা বুলি আৰক্ষী আৰু স্থানীয় ৰাইজে ধাৰণা কৰিছে(Mysterious Suicide of Woman)।
ইয়াৰ মাজতে উঠিছে কেইবাটাও প্ৰশ্ন । অম্লানে পত্নীক নিজ গৃহ কামপুৰত বা গুৱাহাটীত নিজৰ লগত নাৰাখি কিয় কলিয়াবৰত ভাড়া ঘৰত ৰাখিব লগা হ’ল । দুয়োৰে মাজত বৈবাহিক
সম্পৰ্ক ভাল নাছিল নেকি। দণ্ডাধীশৰ উপস্থিতিত কলিয়াবৰ আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
বৰ্তমানলৈ উপস্থিত হোৱাহি নাই স্বামী অম্লান জ্যোতি বৰা । পুনমৰ মাতৃগৃহৰ পৰিয়ালও মুখ খুলিব খোজা নাই । ফলত এক ৰহস্য আৰু চাঞ্চল্য বিৰাজ কৰিছে স্থানীয় অঞ্চলৰ ৰাইজৰ মাজত ।
লগতে পঢ়ক :