সৰভোগৰ সাহাপুৰত ৰহস্যজনক আত্মহত্যা ৪৫ বছৰীয়া ব্যক্তিৰ!
নিউজ ডেস্ক : সাম্প্ৰতিক সময়ত অসমত সঘনাই সংঘটিত হৈ আছে আত্মহত্যাৰ দৰে ঘটনা।
সৰভোগৰ সাহাপুৰত সংঘটিত হৈছে তেনে এক ঘটনাই। আব্দুল ছোবান শ্বেখৰ পুত্ৰ ৪৫ বছৰ বয়সৰ আমিৰ হুছেইনে ঘৰৰ পিছফালে গছ এডালত চীপ লৈ আত্মহত্যা কৰে ।
কি কাৰণত আমিৰ হুছেইনে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আমিৰ হুছেইনক কোনোবা দূবৃত্তই হত্যা কৰিলে নে নিজে আত্মহত্যা কৰিলে বৰ্তমানেও ৰহস্যৰ আবৰ্তত।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ ঘটনা বুজ লৈ কোনোবা দূবৃত্তই হত্যা কৰিলে নে নিজে আত্মহত্যা কৰিলে ইয়াৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে, আমিৰ হুছেইনৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল লৈ প্ৰেৰণ কৰে। আনহাতে, মৰনোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালৰ লোকক সমজাই দিব বুলি উল্লেখ কৰে।