Watch | Mysterious death of Rangapara youth: বহিঃৰাজ্যত ৰঙাপৰাৰ যুৱকৰ ৰহস্যজনক মৃত্যু
জামুগুৰিহাট: ৰঙাপৰাৰ এজন যুৱকে বহিঃৰাজ্যত গৈ অকাল মৃত্যুক সাৱটি লব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰা অঞ্চলৰ নতুন চেঁচা গাঁৱৰ জন ইন্দুৱাৰ নামৰ যুৱক জনে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্য তামিলনাডুলৈ যোৱাৰ পিছত হঠাৎ মৃত্যুক সাৱটি লয়। জন ইন্দুৱাৰৰ মৃত্যুক পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে সহজে ল’ব পৰা নাই।
পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান জন ইন্দুৱাৰে একেখন গাঁৱৰে এণ্টনি ধানোৱাৰৰ সৈতে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ ৰঙাপৰাৰ পৰা ৰেল যোগে তামিলনাডুলৈ বুলি যাত্ৰা কৰিছিল। কিন্তু হঠাৎ যোৱা ২৮ ফেব্ৰুৱাৰীত তামিলনাডুৰ ইৰট ৰেলৱে জংচনত ৰেল আৰক্ষীয়ে জন ইন্দুৱাৰৰ মৃতদেহ উদ্ধাৰ কৰে। সম্পুৰ্ণ সুষ্ঠ অৱস্থাৰে ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল তাকে লৈ স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে।
ইতিমধ্যে জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে।মৃতদেহৰ মুখমণ্ডলত আঘাটৰ চিন প্ৰত্যক্ষ কৰি কোনো অজ্ঞাত লোকে যুৱকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক সকলে৷ এই ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে অসম চৰকাৰক এক উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।