Local, Vocal, Global

Mysterious death of college student : কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যু; হত্যা নে আত্মহত্যা

নিউজ ডেস্ক,৯জুন : তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল’বাৰীৰ তৰাণীৰ এগৰাকী কলেজীয়া মেধাবী ছাত্ৰী মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, ৫ জুনত পুৱাই মেধাবী ছাত্ৰীগৰাকী গৈছিল ৰূপাইত থকা নিজৰ ভাৰাঘৰলৈ । ভাৰাঘৰলৈ যোৱা ছাত্ৰীগৰাকী চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে বুলি পৰিয়ালক লোকক খবৰ দিয়ে এজন যুৱকে(Mysterious death of college student) ।

খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৰূপাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় উপস্থিত হৈ দেখে ছাত্ৰীগৰাকীৰ সংকটজনক । ছাত্ৰীগৰাকীক কাকপথাৰ গন্ধৈগুৰী সংৰক্ষিত বনাঞ্চলৰ কাষতে অচেতন অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে ৷ এই বুলি খবৰ দিয়া যুৱকজনৰ পৰা পৰিয়ালৰ লোক জানিব পাৰে ।

ইফালে ছাত্ৰীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰাৰ ফলতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে বুলিলে চিকিৎসকে অৱগত কৰে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা আৰু নিশা ৰূপাইৰ পৰা উন্নত চিকিৎসাৰ বাবে পৰিয়ালে ডিব্ৰুগড় অভিমুখে নি থকাৰ সময়তে ছাত্ৰীগৰাকীৰ মৃত্যু হয় ।

এতিয়া প্ৰশ্ন হয় ৰূপাইৰ ভাৰাঘৰলৈ বুলি যোৱা ছাত্ৰীগৰাকী কি কাৰণত পালেগৈ কাকপথাৰৰ গন্ধৈগুৰি ? ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে ?

লগতে পঢ়ক : 2 Meghalaya Miners Found Dead From Landslide-Hit Illegal Assam Coal Mine : সম্পূৰ্ণ ১৪ দিনৰ অন্তত উদ্ধাৰ হ’ল লিডুৰ অবৈধ কয়লাখনিত জীৱন্তে সমাধিস্থ হোৱা আন ২ শ্ৰমিকৰ মৃতদেহ