Local, Vocal, Global

WATCH | Mysterious Death of Assam Youth :পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

জামুগুৰিহাট,৩মাৰ্চ : জামুগুৰিহাটৰ নবিল গাঁৱৰ প্ৰয়াত জহান হেমৰম আৰু আলুমণি হেমৰমৰ একমাত্ৰ পুত্ৰ সন্তান ‘প্ৰেম মাৰ্চেল হেমৰম’ নামৰ ২৫ বছৰীয়া যুৱক জনে পৰিয়াল পোহপালনৰ তাগিদাতে যোৱা ২৬ ফেব্ৰুৱাৰীত কৰ্ম সংস্থাপন বিচাৰি হাৰিয়ানালৈ বুলি ৰেল যোগে যাত্ৰা কৰিছিল(Mysterious Death of Assam Youth)৷

গাঁওখনৰ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা যুৱক গৰাকীয়ে ৰুগীয়া মাতৃ আৰু শাৰিৰীক ভাবে অক্ষম পেহীয়কক ঘৰত এৰি গৈ গন্তব্যস্হান পোৱাৰ পূৰ্বেই হাৰিয়ানা ৰেল ষ্টেচনৰ সমীপতে ৰহস্যজন ভাবেই অকাল মৃত্যুক সাৱতি লবলগীয়া হয়৷

পিছত হাৰিয়ানাৰ ৰেল আৰক্ষীয়ে ‘প্ৰেম মাৰ্চেল হেমৰমৰ’ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু যুৱকজনৰ পকেটত পোৱা পৰিচয় পত্ৰৰ ভিত্তিত পৰিয়ালক খবৰ দিয়ে৷

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি মাতৃ আলুমণি আৰু পেহীয়কৰ লগতে পৰিয়ালৰ লোক সকল শোকত ভাঙি পৰি জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

সম্প্ৰতি যুৱক জনৰ দুৰ্ভগীয়া মাতৃ আলুমণি আৰু পেহীয়েকে নিজৰ সন্তানৰ মুখ অন্তিম বৰাৰ বাবে চাই লোৱাৰ হেপাঁহত মৃতদেহটো হাৰিয়ানাৰ পৰা অনাৰ ব্যৱস্থা কৰি দিবলৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে৷

আনহাতে প্ৰেম মাৰ্চেল হেমৰম নামৰ চফল ডেকা লৰা তথা সুস্থ সৱল যুৱক জনক কোনো অজ্ঞাত লোকে হাৰিয়ানাত চলন্ত ৰেলৰ পৰা ঠেলামাৰী পেলাই দি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ এক উচিত তদন্তৰ দাৱী জনাইছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসী ৰাইজে ৷

লগতে পঢ়ক :WATCH | Barpeta News: বৰপেটা হাউলিত হানি খুচি হত্য়া কৰা হৈছিল পিতা-পুত্ৰক