Mysterious Death of Assam Youth: গুৱালৈ কামৰ সন্ধানত গৈ ৰহস্যজনক মৃত্যু গোৰেশ্বৰৰ যুৱকৰ
গোৰেশ্বৰ,২৩জানুৱাৰী : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Mysterious Death of Assam Youth)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth in Gua)।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।এইবাৰ গুৱালৈ কামৰ সন্ধানত গৈ মৃত্যু গোৰেশ্বৰৰ ২২ বছৰীয়া যুৱক।
জানিব পৰা মতে, একেখন গাঁৱৰে তিনি বন্ধুৰ সৈতে গুৱালৈ বুলি কেইদিন পূৰ্বে গীৰেন ৰাজবংশীয়ে ওলাই গৈছিল ঘৰৰ পৰা। লক্ষ্যস্থান পাবলৈ কিছুদূৰ বাট থাকোতে মহাৰাষ্ট্ৰৰ ৰেল ষ্টেচনত গীৰেন ৰাজবংশীৰ ক্ষত বিক্ষত শৰীৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যা।গীৰেন ৰাজবংশীৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰে।
গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত কাঠেনী গাঁৱৰ অজিত ৰাজবংশী আৰু পুৱালী ৰাজবংশীৰ ২২ বছৰীয়া পুত্ৰ গীৰেন ৰাজবংশীৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। ২২ বছৰীয়া পুত্ৰৰ অকাল বিয়োগত হিয়া ভগা কান্দোন দুৰ্ভগীয়া মাতৃৰ।
লগতে পঢ়ক :Dibrugarh News:ডিব্ৰুগড়ত মুকলিকৈ চলিছে মদ-জুৱাৰ আড্ডা