Local, Vocal, Global

Mysterious Death of Assam Youth :পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ

চতিয়া,২৮অক্টোবৰ :পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ।

প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Mysterious Death of Assam Youth)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth in Tamil Nadu)।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।এইবাৰ তামিলনাডুৰ পথৰ কাষত উদ্ধাৰ চতিয়াৰ চেনিমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক ভূজ বাহাদুৰ পৌৰেল মৃতদেহ।

অতি দৰিদ্ৰ পৰিয়ালৰ বিবাহিত যুৱক ভূজ বাহাদুৰে ৰান্ধনী হিচাপে কৰ্মৰত আছিল আছিল তামিলনাডুত।যোৱা দুদিন ধৰি তেজবাহাদুৰৰ পৰিয়ালে তেওঁৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও ফোনৰ চুইছ অফ পোৱাত তামিলনাডুত কৰ্মৰত অঞ্চলটোৰ আন যুৱকৰ লগত যোগাযোগ কৰাত বিচাৰ খোচাৰ কৰাৰ অন্তত তামিলনাডুৰ ৰাজপথৰ কাষত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ।

এই খৱৰ লাভ কৰাৰ পিছত চতিয়াৰ চেনিমাৰী গাঁৱৰ ঘৰখনত বিৰাজ কৰিছে শোকাকুল পৰিবেশ।দৰিদ্ৰ পৰিয়ালটোৱে তামিলনাডুৰ পৰা মৃতদেহ ঘৰলৈ আনিব নোৱাৰি তামিলনাডুতে সৎকাৰ কৰিবলৈ বাধ্য হৈছে।

লগতে পঢ়ক :Four terrorists killed in separate KP operations: পাকিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান; নিহত ৪ টা সন্ত্ৰাসবাদী