Mysterious Death of Assam youth : বহি:ৰাজ্যত মৃত্যু মৰাণৰ যুৱকৰ
নিউজ ডেস্ক,২১আগষ্ট : পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Mysterious Death of Assam youth) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা ।
বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সন্ধানহীন হোৱাৰ লগতে মৃত্যুক আকোঁৱলি লোৱা ঘটনাই সচেতন ৰাইজক চিন্তিত কৰিছে।ইয়াৰ মাজতে আন এক দুখৰ খবৰ আহিল ডিব্ৰুগড়ৰ মৰাণলৈ । মুম্বাইত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে মৰাণৰ এজন যুৱকে ।
মৰাণৰ ১ নং ঘোঁৰাঘাচৰ কালিয়ান গুৰিয়াৰ পুত্ৰ সঞ্জীৱ গুৰিয়াক খুমটাইৰ এজন ঠিকাদাৰে লৈ গৈছিল মুম্বাইলৈ । তাতেই সঞ্জীৱ গুৰিয়াই দিন হাজিৰা কৰিছিল । কাম কৰি থকা অৱস্থাতে যুৱকজনে মুম্বাইৰ এটা অট্টালিকাৰ দ্বিতীয় মহলাৰ ওপৰৰ পৰা পৰি যায় । গুৰুতৰভাৱে আহত সঞ্জীৱক মুম্বাই আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়তে যোৱা ১৯ আগষ্টত সঞ্জীৱৰ মৃত্যু হোৱা বুলি পৰিয়ালটোৱে খবৰ লাভ কৰে ।
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে । প্ৰকৃততে কেনেকৈ ঘটনাটো সংঘটিত হ’ল সেই কথা ভালকৈ জানিব পৰা নাই পৰিয়ালৰ লোকসকলে । কেৱল ঠিকাদাৰে অট্টালিকাৰ পৰা পৰি যোৱা বুলি জনাইছে বুলি কয় পৰিয়ালৰ লোকে(Mysterious Death of Assam youth) ।
এতিয়া সঞ্জীৱ গুৰিয়াৰ মৃতদেহ স্ব-গৃহলৈ আনিবলৈও হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে । আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিল সঞ্জীৱ গুৰিয়া । পৰিয়ালটো পোহপালন দিয়াৰ একমাত্ৰ ভৰসা আছিল মৃত সঞ্জীৱ । পুত্ৰক হেৰুওৱা খবৰ লাভ কৰাৰ পিচতে দুখত ভাগি পৰিছে অসহায় পিতৃ-মাতৃ । পৰিয়ালটোৱে সহায়ৰ বাবে চৰকাৰক জনাইছে আহ্বান।
লগতে পঢ়ক : Panchayat polls to be held in December : ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন