Mysterious Death of Assam Youth : কৰ্মসূত্ৰে বহি:ৰাজ্যলৈ যোৱাৰ পথত ৰেলত মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্ক,১৩মে’ : পুনৰ অসমৰ যুৱক বহি:ৰাজ্যত মৃত্যু। কৰ্মসূত্ৰে বহি:ৰাজ্যলৈ যোৱাৰ পথত ৰেলত মৃত্যু হয় অসমৰ যুৱকৰ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে (Mysterious Death of Assam Youth) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth) ।
এইবাৰ কৰ্মসূত্ৰে বহি:ৰাজ্যলৈ যোৱাৰ পথত ৰেলত মৃত্যু যুৱকৰ । মৃত যুৱকজন কলিয়াবৰৰ কুঠৰীৰ জিতেন হাজৰিকা বুলি জানিব পৰা গৈছে । বৰ্তমানলৈ মৃত যুৱকজনৰ মৃতদেহ নিজ বাসগৃহলৈ আনিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে ।পৰিয়ালৰ লোকে যুৱকজনৰ মৃতদেহ নিজ ঘৰলৈ আনিবৰ বাবে কাতৰ আহ্বান জনাইছে অসম চৰকাৰক ।
বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি শোঁকৰ ছাঁ ।