WATCH | Mysterious Death of Assam Youth : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ দুই যুৱকৰ

নলবাৰী,১৭মাৰ্চ : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ দুগৰাকীকৈ সুঠাম যুৱকৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দুই নং ঘোৰাথালৰ দুই যুৱকৰ তামিলনাডুত ৰহস্যজনক মৃত্যু। মৃত যুৱক দুজন হৈছে সঞ্জয় দাস(৩৫) আৰু বিজু দাস(২৪)(Mysterious Death of Assam Youth)।
একেখন গাওঁৰে ৬জন যুৱক কৰ্মসূত্ৰে তামিলনাডুৰ কইমবটোৰৰ Kampargam Medical College and hospital ত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি চাৰিজন যুৱক এটা কোঠালিতে দীৰ্ঘদিন ধৰি ভাড়াত আছিল। নিশা শুই থকা অৱস্থাত ৪ জন যুৱকৰ ২ জনৰ ৰহস্যজনকভাৱে মৃত্যু হয়।
যুৱক দুজনৰ মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ পোহৰলৈ নহাত এতিয়া হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত। ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ ব্যবস্থা কৰা হৈছে বুলি জনাইছে যুৱক দুজনৰ পৰিয়ালে । এতিয়া দিশহাৰা পৰিয়াল দুটাই সহায় বিচাৰি অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে।
লগতে পঢ়ক : WATCH | Guwahati News : দিছপুৰ আৰক্ষী চকীত ভিৰ লাগিছে চোৰৰ