Local, Vocal, Global

Mysterious Death of Assam Youth : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ

ধিং,৬মে : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।

প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Mysterious Death of Assam Youth) ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth) ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক প্ৰাঞ্জল বৰা ।

জানিব পৰা মতে, দুই বন্ধুৰ সৈতে ৩ মে’ ত ৰাইডঙীয়া ৰজাগাঁৱৰ পৰা ছেকেণ্ডৰাবাদলৈ গৈছিল প্ৰাঞ্জল বৰা । কামৰ সন্ধানত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে বহিঃ ৰাজ্যলৈ গৈছিল প্ৰাঞ্জল বৰা । তাৰ পিছতে সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ হয় প্ৰাঞ্জলৰ মৃতদেহ ।ইফালে যুৱক জনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত ৰহস্যৰ সৃষ্টি হৈছে । বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই হত্যা নে অন্য কিবা ! আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা । বৰ্তমান সমগ্ৰ ঘটনা ৰহস্য আৱৰ্তত ।

লগতে পঢ়ক : Massive fire breaks out in factory : ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড