Mysterious Death of Assam Man : পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ লোকে
নিউজ ডেস্ক,৬মে’ : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ লোক ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Man ) ।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ লোকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু লখিমপুৰ লোক ।মৃতলোকজন লখিমপুৰৰ বগীনদীৰ নিপেন কলিতা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, বগীনদীৰ ঘাগৰ নগৰ নিবাসী দুৰ্লভ কলিতা আৰু সুৰমাই কলিতাৰ দ্বিতীয় পুত্ৰ নিপেন ওৰফে মইনা কলিতা (৪৬) যোৱা ১ মে’ৰ পৰা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিৰুদ্দেশ হৈ আছিল ।বিশাখাপট্টনমত তেওঁ কাম কৰি থকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে । পৰিয়ালে অনেক চেষ্টা কৰিও তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল । কিন্তু দেওবাৰে সন্ধিয়া ব্যক্তিগৰাকীৰ মৃতদেহ বিশাখাপট্টনমৰ কাঞ্চাৰাপালেম থানাৰ অন্তৰ্গত ৰে’লৱে গেট ধৰমনগৰৰ সমীপত এখন দেৱালৰ কাষত উদ্ধাৰ হোৱা বুলি অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে লখিমপুৰৰ বগীনদী থানাক অৱগত কৰে ।
উল্লেখ্য যে, যোৱা দুই মে’ত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও দেওবাৰেহে অসম আৰক্ষীক অৱগত কৰা হয় । ঘটনাটো সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । ব্যক্তিগৰাকীক কোনোবাই হত্যা কৰিলেনে অথবা অন্য কোনো কাৰণত মৃত্যু হ’ল, সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই(Mysterious Death of Assam Man ) ।
লগতে পঢ়ক : Theft in Juria : জুৰীয়াৰ উদমাৰিত পুনৰ চুৰিকাণ্ড!