Local, Vocal, Global

মুছলমানে দিব হিন্দুত্বৰ জয়ধ্বনি

নিউজ ডেস্ক : চমু চাপিছে দেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ দিন৷ তাৰ লগে লগে সকলো পৰ্যায়ত ৰণনীতি চূড়ান্ত কৰিছে গেৰুৱা বাহিনীয়ে৷ হয়তো চৰকাৰী আমোলা-বিষয়াকো কৌশলেৰে নিয়োগ কৰা হৈছে ৰাজনৈতিক পৰিকল্পনাত৷ সৰ্বদিশত তৎপৰ হৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব৷ বিৰোধী শিবিৰক ধৰাশায়ী কৰিবলৈ নিখুত কৰি তুলিছে পৰিকল্পনা৷ আৰু এই পৰিকল্পনাৰ শেহতীয়া উদাহৰণ হৈছে অনুসূচীত জাতিৰ মৰ্যাদা সম্পৰ্কীয় নীতি৷ এই নীতি কাৰ্যকৰী হ’লে দেশত ইছলামধৰ্মাৱলম্বী লোকেও হিন্দুত্বৰ সমৰ্থনত জয়ধ্বনি দিবলৈ হয়তো কুণ্ঠাবোধ নকৰিব৷ কিন্তু কিয়?

যোৱা ৬ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা৷ এই নিৰ্দেশনা অনুসৰি দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে.জি বালাকৃষ্ণণনৰ অধ্যক্ষতাত গঠন হ’ব এক বিশেষ আযোগ৷ এই আয়োগে ধৰ্মান্তৰিত দলিতসকলক অনুসূচীত জাতিৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিব৷
উল্লেখযোগ্য যে, বৰ্তমান ভাৰতীয় সংবিধানৰ ৩৪১নং অনুচ্ছেদ অনুসৰি হিন্দু, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ দলিতসকলক অনুসূচীত জাতিৰ মৰ্যাদা দিয়া হয়৷ কিন্তু বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক কাৰণত হিন্দু, বৌদ্ধ অথবা শিখ ধৰ্মাৱলম্বী লোক ধৰ্মান্তৰিত হৈ যদি অন্য ধৰ্ম গ্ৰহণ কৰে তেন্তে তেওঁলোক অনুসূচীত জাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হয়৷ অৰ্থাৎ কোনো দলিত সম্প্ৰদায়ৰ লোকে যদি খ্ৰীষ্টান অথবা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হয় তেন্তে তেওঁলোকক অনুসূচীত জাতি হিচাপে স্বীকৃতি দিয়া নহয়৷ কিন্তু ধৰ্মান্তৰিত হৈ ইছলাম অথবা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকসকলোকো প্ৰস্তাৱিত আয়োগে অনুসূচীত জাতিৰ মৰ্যাদা দিয়াৰ বাবে ন্যায়িক আৰু সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব৷ এই আয়োগত সদস্য হিচাপে থাকিব ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ড০ ৰবীন্দ্ৰ কুমাৰ জৈন আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য সুস্মা যাদৱ৷ অৰ্থাৎ এই আয়োগৰ প্ৰতিবেদন দাখিলৰ পাছতে খ্ৰীষ্টান আৰু ইছলামধৰ্মীৱলম্বী অনগ্ৰসৰ লোকসকলেও সাংবিধানিক ভাৱে অনুসূচীত জাতিৰ মৰ্যাদা লাভ কৰিব৷ বিজেপি চৰকাৰৰ এই সিদ্ধান্তই ইছলামধৰ্মাৱলম্বী আৰু খ্ৰীষ্টান ইছলামধৰ্মাৱলম্বী লোকসকলক সামাজিক আৰু অৰ্থনৈতিকভাৱে যথেষ্ট সকাহ দিব৷ আৰু যদি সেয়ে হয় তেন্তে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত এই বৃহৎ সংখ্যক লোকে বিজেপিক সমৰ্থন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব৷ অন্য অৰ্থত কংগ্ৰেছসহ বিৰোধী শিবিৰৰ ভোট বেংকত ই এক মোক্ষম আঘাত৷

স্বৰাজোত্তৰ ভাৰতবৰ্ষত বৰ্ণ হিন্দু বিশেষকৈ ব্ৰাহ্মণ সমাজৰ সামাজিক আৰু ধৰ্মীয় উৎপীড়নৰ লগতে ধৰ্মীয় বৈষম্যত অতিষ্ঠ হৈছিল দলিত লোকসকল৷ ষাঠি আৰু সত্তৰৰ দশকত বৰ্ণ হিন্দুৰ ধৰ্মীয় উৎপীড়নৰ বলি হৈ কোটি কোটি দলিত লোক ধৰ্মান্তৰিত হৈছিল৷ ধৰ্মান্তৰিত হোৱা দলিতসকলৰ সৰহভাগেই ইছলাম আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল৷ ২০১৪ চনৰ পাছতো দেশত উগ্ৰ হিন্দুত্ববাদৰ প্ৰয়োগ আৰম্ভ হৈছে৷ একে সময়তে একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ ধৰ্মীয় উৎপীড়নো হৈছে তীব্ৰতৰ৷ মন্দিৰত প্ৰৱেশ কৰাৰ বাবে বহু দলিত লোকক নিৰ্মমভাৱ প্ৰহাৰ কৰা হৈছে৷ তেনে ভয়ংকৰ সামাজিক উৎপীড়ন আৰু বৈষম্য সহিব নোৱাৰি বহু দলিত লোক ইছলাম আৰু খ্ৰীষ্টানত ধৰ্মান্তৰিত হৈছিল৷ তাৰ পাছত এই সকল লোকে হেৰুৱাইছিল অনুসূচীত জাতিৰ স্বীকৃতি৷ কিন্তু সেইসকল লোকক পুনৰ অনুসূচীত জাতিৰ স্বীকৃতি দিবলৈ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে ৰাজনৈতিক পৰিকল্পনা৷ এই পৰিকল্পনা চূড়ান্ত হৈ উঠাৰ পাছতে ১০ কোটিৰো অধিক ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী অনগ্ৰসৰ লোকে অনুসূচীত জাতিৰ স্বীকৃতি পোৱাটো নিশ্চিত হৈ উঠিছে৷ আৰু এনে পৰিস্থিতিত এই বৃহৎ সংখ্যক দলিত লোকে হিন্দুত্বৰ জয়ধ্বনি দি বিজেপিক ভোট দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব৷