Muslim population in India in 2023 : ভাৰতত মুছলমান জনসংখ্যা কিমান, সংসদত লিখিতভাৱে জনাইছে কেন্দ্ৰই

নিউজ ডেস্ক, ২৫ জুলাই : দেশৰ মুছলমান জনসংখ্যা বৃদ্ধিৰ পৰিসংখ্যা পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে (Muslim population in India in 2023)। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীয়ে লোকসভাত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মালা ৰায়ৰ এক প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে(TMC MP Mala Roy in Lok Sabha) । য’ত তেওঁ উল্লেখ কৰে যে ২০২৩ চনৰ বাবে ভাৰতত আনুমানিক মুছলমান জনসংখ্যা প্ৰায় ১৯.৭ কোটি(Muslim population in India in 2023)
স্মৃতি ইৰাণীয়ে স্পষ্ট কৰি দিয়ে যে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত মুঠ জনসংখ্যাৰ ১৪.২ শতাংশ মুছলমান(Centre tells Lok Sabha)। অনুমান কৰা হৈছে যে ২০২৩ চনৰ ভিতৰত তেওঁলোকৰ জনসংখ্যা ১৯.৭ কোটি হ’ব, যিটো ২০১১ চনৰ তুলনাত ২.৫ কোটি বেছি । ২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি মুছলমান জনসংখ্যা আছিল ১৭.২ কোটি।
২০২৩ চনৰ বাবে ভাৰতৰ আনুমানিক জনসংখ্যা হ’ব ১৩৮.৮ কোটি । ১৪.২ শতাংশ মুছলমান জনসংখ্যা ধৰি ল’লে ২০২৩ চনত মুছলমান জনসংখ্যা প্ৰায় ১৯.৭ কোটি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
জনগাঁথনিগত তথ্যৰ উপৰিও মন্ত্ৰীগৰাকীয়ে সাক্ষৰতাৰ হাৰ, শ্ৰম শক্তিৰ অংশগ্ৰহণ আৰু গৃহ, শৌচালয় আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সুবিধা উপভোক্তাসকলৰ বিষয়েও বিতংভাৱে উল্লেখ কৰে । কিন্তু দেশৰ পিছপৰা মুছলমানসকলৰ জনগাঁথনিগত তথ্য সন্দৰ্ভত তেওঁ কোনো তথ্য নিদিলে।
তৃণমূল কংগ্ৰেছ নেত্ৰী মালা ৰায়ে দেশৰ মুছলমান জনসংখ্যাৰ তথ্য বিচাৰিছিল। তেওঁ লগতে জানিব বিচাৰিছিল যে চৰকাৰৰ হাতত পাছমন্দা মুছলমানৰ জনসংখ্যাৰ কোনো ৰেকৰ্ড আছে নেকি আৰু দেশৰ এই জনগোষ্ঠীৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়ে তথ্য বিচাৰিছিল। স্মৃতি ইৰাণীয়ে এই বিষয়ত বিতং তথ্য দিব পৰা নাই।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মাজভাগলৈ ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু একাংশ বিশ্লেষকৰ মতে ভাৰতে প্ৰকৃততে ইতিমধ্যে চীনৰ জনসংখ্যাক অতিক্ৰম কৰিছে।
চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ নেশ্যনেল ব্যুৰো অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ শেষলৈকে দেশখনৰ জনসংখ্যা প্ৰায় আঠ মিলিয়ন হ্ৰাস পাই ১৪১ কোটি হৈছে। ২০২৩ চনত ভাৰতৰ আনুমানিক জনসংখ্যা প্ৰায় ১৩৯ কোটি।
লোকসভাত ভাৰতীয় মুছলমান জনসংখ্যাৰ সন্দৰ্ভত স্মৃতি ইৰাণীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত ৱাইচিয়ে কয় যে ‘কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে মুছলমান জনসংখ্যা ‘২০ কোটিতকৈ অধিক নহ’ব’”। কিন্তু সোঁপন্থী দলসমূহৰ মতে অহা কেইবছৰমানৰ ভিতৰত ভাৰতত মুছলমান সংখ্যাগৰিষ্ঠ হ’ব । যদি তেওঁলোকে মৌলিক অংক বুজি নাপায় তেন্তে তেওঁলোকে অন্ততঃ মোডী চৰকাৰক বিশ্বাস কৰিব বুলি আশা কৰিলোঁ।”
লগতে পঢ়ক : Mizoram Protest : মণিপুৰৰ কাণ্ডক লৈ মিজোৰামৰ আইজলত প্ৰতিবাদ স্থানীয় ৰাইজৰ