Local, Vocal, Global

Music Director Nanda Banerjee Passed Away : বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ দেহাৱসান

নিউজ ডেস্ক, ১১ মাৰ্চ : অজান দেশলৈ গ’ল বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ নন্দ বেনাৰ্জীৰ৷ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালক গৰাকীয়ে (Music Director Nanda Banerjee Passed Away )।

জানিব পৰা মতে কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পী নন্দ বেনাৰ্জী। দেওবাৰে অকাস্মাতে অসুস্থ অনুভৱ কৰাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ। নন্দ বেনাৰ্জীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি(Music Director Nanda Banerjee Passed Away )।

বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। জনকনন্দিনী ছবিৰ সংগীত পৰিচালক আছিল নন্দ বেনাৰ্জী ৷

লগতে পঢ়ক : Terrible Road Accident in Tamulpur : নিয়ন্ত্ৰণ হেৰুৱাই গাঁতত পৰিল বাইক;নিহত এজন, আহত এজ