Watch | Mushalpur Tiranga Yatra: বাক্সাৰ আঠিয়াবাৰীত ত্ৰিৰংগা যাত্ৰা

মুছলপুৰ: দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ আঠিয়াবাৰীত আজি ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় । মুছলপুৰ মণ্ডল বিজেপিৰ উদ্যোগত আৰু আঠিয়াবাৰী ৰাইজৰ সহযোগত উলিওৱা এই সমদল আঠিয়াবাৰী চ’কৰ মাজেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰে । বিজেপিৰ কাৰ্যকৰ্তা তথা ৰাইজে ভাৰত মাতা কী জয়, আগে দেখো ভাৰত মাতা, পিছে দেখো ভাৰত মাতা, বন্দে মাতৰম ইত্যাদি ধ্বনিৰে পদযাত্ৰা কৰি ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক: Watch | Teok news: টীয়কৰ লাহদৈগড়ত ড্ৰাগছ বেহাত জড়িত চাৰি সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত যুৱকক আটক