WATCH | Mushalpur News : মুছলপুৰত আদৰ্শ অংগবাড়ী কেন্দ্ৰৰ উদ্ধোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
মুছলপুৰ,১৮মাৰ্চ : মুছলপুৰত আদৰ্শ অংগবাড়ী কেন্দ্ৰৰ উদ্ধোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ । চাপাগুৰি বিধানসভা সমষ্টিত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৪০ টা অংগনাবাড়ী কেন্দ্ৰ ।
বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ১ নং কাটলিগাঁওত আজি আদৰ্শ অংগনাবাড়ী কেন্দ্ৰৰ উদ্ধোধন কাৰ্যসূচী ৰূপায়িত হয় । বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে অৱস্থিত আদৰ্শ অংগনাবাড়ী কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(Mushalpur News)।
তেওঁ আজিৰ দিনটোত বাক্সা জিলাৰ ছাপাগুৰি বিধান সভা সমষ্টিত ৯টা অংগনাবাড়ী কেন্দ্ৰ উদ্ধোধন কৰা হ’ব বুলি জানিবলৈ দি চাপাগুৰি বিধানসভা সমষ্টিত পুনৰ ৪০টা নতুন অংগনাবাড়ী কেন্দ্ৰ নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা বুলি উল্লেখ কৰে ।
তেওঁ লগতে ব্যক্তিগত খণ্ডত গঢ়ি উঠা প্ৰাক-বিদ্যালয় শিক্ষানুষ্ঠান সমূহত বৰ্তমানে একাংশ আৰ্থিকভাৱে স্বচ্ছল অভিভাৱকে নিজৰ সন্তানৰ নামভৰ্তি কৰালেও এটা সময়ত কিন্তু সকলোৱে চৰকাৰী খণ্ডলৈ ঢাপলি মেলিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : WATCH | Heavy Storm in Tinsukia : তিনিচুকীয়া জিলাৰ ফিল’বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ