Local, Vocal, Global

WATCH | Mushalpur News : বাক্সাৰ মুছলপুৰত গণ সুৰক্ষা পাৰ্টিৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

মুছলপুৰ,৯মাৰ্চ : বাক্সাৰ মুছলপুৰত গণ সুৰক্ষা পাৰ্টিৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ।

বিপিএফ আৰু গন সুৰক্ষা পাৰ্টিৰ মিত্ৰতা হোৱাৰ ইংগিত পোৱাৰ পিছতে বাক্সাত গন সুৰক্ষা পাৰ্টিয়ে আয়োজন কৰে প্ৰথমখন কেন্দ্ৰীয় অধিবেশন ।

প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰনীয়াই অধিবেশনৰ পতাকা উত্তোলন কৰাৰ পিচতে আনুষ্ঠানিকভাৱে আৰম্ভ হয় ‌মুকলি সভা ।

মুকলি সভাত বিপিএফ আৰু গন সুৰক্ষা পাৰ্টিৰ প্ৰায় ৫ সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে(Mushalpur News)।

আজিৰ এই বিশাল অধিবেশনৰ পৰা দুয়োটা মিত্ৰদলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰনডংকা ।

বিটিচি নিৰ্বাচনত মিত্ৰদলে ৩০ খন আসন লাভ কৰি বিটিচি গঠন কৰিব বুলি হুংকাৰ দিয়ে নৱ কুমাৰ শৰনীয়াই ।

বিটিচি চৰকাৰ যদি বিপিএফৰ লগত মিলি গঠন কৰিব নোৱাৰে তেন্তে নৱ কুমাৰ শৰনীয়াই ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি মন্তব্য কৰে উক্ত সভাত ।

আগন্তুক বিটিচি নিৰ্বাচনৰ পিছত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিটিচি প্ৰধান হব বুলি মন্তব্য কৰে নৱ কুমাৰ শৰনীয়াই ।

আজিৰ এই সভাত বহিঃৰাজ্যৰ গন সুৰক্ষা পাৰ্টিৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

ইফালে আজিৰ সভাত বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁৰ হৈ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক দীপজ্যোতি চহৰীয়া উপস্থিত থাকে । তেওঁ কয় যে বিপিএফৰ সৈতে গণ সুৰক্ষা পাৰ্টিৰ মিত্ৰতাৰ কথা প্ৰাৰম্ভিক পৰ্যায়ত বহুখিনি আগবাঢ়ি আছে যদিও সেয়া এতিয়ালৈকে চূড়ান্ত হোৱা নাই ।

বিপিএফৰ প্ৰতিনিধি গৰাকীয়ে আৰু কয় যে আমাৰ দুয়োটা দলৰ মিত্ৰতা হ’লে বিটিচিৰ পৰা প্ৰমোদ বড়োৰ শাসনৰ গাদী উফৰি যাব । লগতে এই মিত্ৰতাই বিজেপিকো যথেষ্ট পৰিমাণে শংকিত কৰি তুলিছে ।

লগতে পঢ়ক :WATCH | Guwahati News: ULTRACARE DIAGNOSTIC চেণ্টাৰত কি পৰিস্থিতিৰ সম্মুখীন হ’ল মহিলা?