WATCH | Mushalpur News: মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল হস্ততাঁত প্ৰশিক্ষণ কৰ্মশালা
মুছলপুৰ,২৭ফেব্ৰুৱাৰী : মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল হস্ততাঁত প্ৰশিক্ষণ কৰ্মশালা ।
বিটিআৰৰ শিপিনীসকলক ডিজিটেল মাধ্যমেৰে বয়ন শিল্পৰ দ্বাৰা অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে আজি বাক্সা জিলাৰ মুছলপুৰত দুদিনীয়া কৈ এখন কৰ্মশালা অনুষ্ঠিত হয় ৷
মুছলপুৰস্থিত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত “শিপিনীৰ জীৱিকাৰ অৰ্থে তথ্য আৰু যোগাযোগ প্ৰযুক্তি সঁজুলিৰ প্ৰয়োগ” শীৰ্ষক কৰ্মশালাখন আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বিটিচি পৰিষদৰ হস্ততাত বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে(Mushalpur News)৷
কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত আৰু চিডেক, কলকতা তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আয়োজিত কৰ্মশালাত বিটিআৰ প্ৰশাসনৰ কেবাগৰাকী বিষয়া, প্ৰশিক্ষকে অংশ লয়। কৰ্মশালাত অংশগ্ৰহণ কৰি কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে এডভান্টেম আচাম ২’০ জড়িয়তে ৰাজ্য চৰকাৰে বিটিআৰৰ পাঁচখন জিলা সামৰি লোৱা বাবে ধন্যবাদ জনায়।
লগতে পঢ়ক :WATCH | Dead body found : সোণাপুৰৰ ডিগাৰু নদীৰ পাৰত উদ্ধাৰ মৃতদেহ