WATCH | Mushalpur News : বাক্সাৰ লাফাকুছিত গণ সুৰক্ষা পাৰ্টীৰ সভা
মুছলপুৰ,৩০জুন : বিটিচি পৰিষদীয় নিৰ্বাচনক লক্ষ্য হিচাপে লৈ গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপিয়ে অনুষ্ঠিত কৰিছে ইখনৰ পাছত সিখনকৈ সাংগঠনিক সভা । চুবুৰীয়ে-চুবুৰীয়ে অনুষ্ঠিত সভা সমূহত ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত যোগদান কাৰ্যসূচীও ৰূপায়ন কৰিছে(Mushalpur News)।
দেওবাৰে বাক্সাৰ থমনাৰ নিকটৱৰ্তী লাফাকুছিত জিএছপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয় । বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসৰ উপস্থিতিত দিহিৰা ব্ল’ক জিএছপিৰ সাধাৰণ সম্পাদক যাদৱ দাসৰ নেতৃত্বত অনুষ্ঠিত হয় এই সাংগঠনিক সভাখন। সভাত উপস্থিত থাকি যাদৱ দাসে সমষ্টিটোৰ ৰাইজে পুনৰ ঘনশ্যাম দাসক জয়ী কৰাব বুলি দাবী কৰে।
লগতে ঘনশ্যাম দাসক লৈ বিজেপি পূৰ্বেও শংকিত আছিল আৰু এইবাৰো বিজেপিয়ে বাকী সমষ্টিত যুঁজ দিলেও দিহিৰা সমষ্টিত যুঁজ দি লাভ নাই বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নেতাজনে।
লগতে পঢ়ক : WATCH | North Guwahati News : উত্তৰ গুৱাহাটী টাইকোৱাণ্ড একাডেমীৰ অভূতপূৰ্ব সাফল্য