Local, Vocal, Global

WATCH | Mushalpur News : ই এম ৰাকেশ ব্ৰহ্মৰ মহানুভৱতা

মুছলপুৰ,২৫জুন : বাক্সা জিলাৰ চনবাৰীখুটিৰ এটি দৰিদ্ৰ পৰিয়াল । এই দৰিদ্ৰ পৰিয়ালটোৱে সুদীৰ্ঘকাল জুৰি অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আছিল । উৰুখা পজাৰ তলতে অধ্যয়নৰত এজন উচ্চতৰ মাধ্যমিকৰ ছাত্ৰও আছে এই পৰিয়ালটোত(Mushalpur News)।

বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বৰিমুখ চনবাৰীখুটিৰ কনিকা ডেকাৰ পৰিয়ালটোক আজি টিনপাত প্ৰদান কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । এই পৰিয়ালটোৰ দৈন্যতা দেখি মানৱ দৰদী কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আজি স্ব-ইচ্ছাই নিজৰ পকেটৰ ধনেৰে টিনপাত প্ৰদান কৰি পৰিয়ালটোক উপকৃত কৰে ।

উল্লেখ্য যে, বছৰ বছৰ ধৰি কনিকা ডেকাই পূৰ্বে শাসনাধিষ্ট বিপিএফ দলৰ প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যদিও কোনো সুফল নাপালে কনিকা ডেকাই । আজি ৰাকেশ ব্ৰহ্মৰ পৰা টিনপাত লাভ কৰি উৎফুল্লিত হয় দুজনীয়া পৰিয়ালটোৰ মাতৃ-পুত্ৰই । ই এম গৰাকীৰ এনে মহানুভৱতাত পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : WATCH | Hatsingmari News : গঠন কৰা হ’ল কালাপানী গাওঁ পঞ্চায়তৰ পূৰ্ণাংগ সমিতি