Local, Vocal, Global

WATCH | Mushalpur News : বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পত নিযুক্তি পত্ৰ বিতৰণ

মুছলপুৰ,২২জুন : বিটিআৰত নিযুক্তি পত্ৰ প্ৰদান।

২১১ জন চতুর্থ বৰ্গৰ কৰ্মচাৰীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।

বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ।

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী তথা কেবাগৰাকী কাৰ্যবাহী সদস্যৰ উপস্থিতিত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ।

নিযুক্তি পত্ৰ বিতৰণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে(Mushalpur News)।

বিগত সময়ছোৱাত হাগ্ৰামা মহিলাৰীয়ে কৰি যোৱা পাপৰ প্ৰায়শ্চিত্ত কৰিছে তেওঁলোকে।

বিগত সময়ত হাগ্ৰামাই কোনো আঁচনি নোহোৱাকৈ নিযুক্তি দিছিল বিভিন্ন কৰ্মচাৰীক।

হাগ্ৰামাই নাজানিছিল চৰকাৰ কি, নাজানিছিল কোনো কনচেপ্ট, সেয়ে বহু লোক হাৰাশাস্তিৰ সম্মুখীন হৈছিল।

প্ৰমোদ বড়োৰ ঘোষণা -অচিৰেই ৪০ বছৰীয়া আন্দোলনৰ শ্বহীদ পৰিয়ালক দিব চাকৰি। মুঠ পদৰ তিনি শতাংশ চাকৰিত নিযুক্তি দিব শ্বহীদ পৰিয়ালক।

আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আৰু চাৰিটা ৰেঞ্জ বৃদ্ধিৰ লগতে সমগ্ৰ বছৰটো পৰ্যটকৰ বাবে মুকলি ৰখাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলি জানিব দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

ইফালে বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এমাহৰ ভিতৰত বন বিভাগটো অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ ২৩২১ গৰাকী বন কৰ্মচাৰীক নিযুক্তি দিব বুলি জানিব দিয়ে।

লগতে পঢ়ক : WATCH | Sensational incident : খেৰণিৰ মাজত উদ্ধাৰ মহিলাৰ মৃতদেহ