Local, Vocal, Global

WATCH | Mushalpur News : ই.এম ৰাকেশ ব্ৰহ্মৰ মহানুভৱতাত উৎফুল্লিত বাক্সাৰ ৰায়পুৰৰ গঞা

মুছলপুৰ,২১জুন : স্বাধীনতাৰ ৭৭ বছৰ পাৰ হোৱাৰ পাছতো এখন দলং বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছিল বাক্সাৰ ৰায়পুৰবাসীয়ে । তেনে সময়তে ৰাইজৰ দুখ-দুৰ্দশাৰ কথা বুজি সহায়ৰ হাত আগবঢ়ায় বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

তেওঁ পথ মেৰামতি আৰু দলং নিৰ্মাণৰ সমস্ত খৰচ বহন কৰি ৰাইজক উপকৃত কৰে । বাঁহৰ দলংখন লাভ কৰি আৰু পথ মেৰামতিৰ বাবে শিল-বালি পেলোৱা বাবে উৎফুল্লিত হয় ৰায়পুৰৰ গঞা ৰাইজ(Mushalpur News)।

তেওঁলোকে ৰাকেশ ব্ৰহ্মক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে পুনৰবাৰ প্ৰমোদ বড়ো চৰকাৰ দৰকাৰ বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : WATCH | Teok News : কাকজান আৰোহণ একাডেমীত যোগ দিৱস উদযাপন