Local, Vocal, Global

WATCH | Mushalpur News : ভালুকদঙাত দলং উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

মুছলপুৰ,১২জুন : স্বাধীনতাৰ ৭৭ বছৰ পাছতো এখন দলং বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল ভালুকদঙা-উজান নলবাৰী বাসী ৰাইজে । কোনো এখন চৰকাৰে চকু দিয়া নাছিল বৃহত্তৰ অঞ্চলটোত । কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া ধৰণে প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

নিজ অৰ্থ সাহাৰ্য্যৰে মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাঁচটা স্থানত পথচাৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিলে পকী দলং। আজি ভালুকদঙাত এখন দলং শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । একেদৰে খাৰুৱাজান, অদালবাৰীৰ কণিমাৰা চুপা, গলদেংপাৰা আৰু মনসাত মুঠ পাঁচখন দলঙৰ কাম সম্পূৰ্ণ কৰি আজিৰেপৰা যাতায়তৰ বাবে সুচল কৰি দিলে ৰাইজক(Mushalpur News)।

স্বাধীনতাৰ পূৰ্বৰেপৰা লাভ নকৰা সুবিধা লাভ কৰি উৎফুল্লিত হৈ পৰিল গঞা ৰাইজ । প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । তেওঁ বিশেষকৈ বিভিন্ন স্থানত মন্দিৰ-মছজিদ নিৰ্মাণত কৃপণালী নকৰোঁ বুলিও মন্তব্য কৰে।

লগতে পঢ়ক : WATCH | 7 Bangladeshi Nationals Detained : কাছাৰত পুনৰ আটক ৭জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক