WATCH | Mushalpur News : শিক্ষকৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ নষ্ট এগৰাকী ছাত্ৰীৰ
মুছলপুৰ,৩জুন : শিক্ষকৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ নষ্ট এগৰাকী ছাত্ৰীৰ। বাক্সাৰ প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা ।
ঘটনা অনুসৰি, বাক্সা জিলাৰ ডুমুনীৰ ৰোহিনী তান্তি নামৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈ কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক দিছিল আবেদনৰ বাবে নথি-পত্ৰ আৰু মাছুল । কিন্তু বিদ্যালয় কৰ্তৃপক্ষই আবেদন নকৰাত ছাত্ৰী গৰাকী বঞ্চিত হয় পৰীক্ষাত বহাৰ পৰা(Mushalpur News)।
এই বিষয়ে বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ওচৰত অভিযোগ দিয়ে যদিও বিদ্যালয় খনৰ অধ্যক্ষ ফুলোমা দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বাক্সা জিলা শিক্ষা বিভাগে ।
অধ্যক্ষৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ বিনষ্ট হোৱাত মানসিকভাবে ভাগি কৰিছে ছাত্ৰী গৰাকী আৰু তেওঁৰ পৰিয়াল । অধ্যক্ষ তথা বিদ্যালয় কৰ্তৃপক্ষৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই । স্মৰ্তব্য যে বিগত সময়তো প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক লৈ আছে কেতবোৰ অভিযোগ।
লগতে পঢ়ক :WATCH | Elephant menace in Baksa : বাক্সাত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ আক্ৰমণত আহত এজন