Local, Vocal, Global

WATCH | Mushalpur News : মুছলপুৰত অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাসৰ সংবাদমেল

মুছলপুৰ,২৭মে’ : বিটিচি পৰিষদীয় নিৰ্বাচনত ১৫ নং সমষ্টিত প্ৰাৰ্থী দিব অবড়ো সুৰক্ষা সমিতিয়ে ।

গণ সুৰক্ষা পাৰ্টীলৈ সমৰ্থন নাই অবড়ো সুৰক্ষা সমিতিৰ ।

আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজেৰে গৰম হৈ থকা বিটিআৰৰ ৰাজনৈতিক পৰিৱেশত প্ৰৱেশ অবড়ো সুৰক্ষা সমিতি, অসমৰ(Mushalpur News)।

আজি বাক্সাৰ মুছলপুৰত এক সংবাদমেল সংবাদমেল সম্বোধন কৰি কেবাটাও মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাসে ।

ইউপিপিএল দল আৰু জোন দাসৰ মাজত চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাৰ অন্ত পেলাবলৈ আহ্বান ।

জোন দাসে কৰা মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ মন্তব্য নহয় বুলি উল্লেখ কৰি সেয়া তেওঁৰ নিজা মন্তব্য বুলিও কয় সম্পাদক মাধৱ ৰাজবংশীয়ে ।

ইফালে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ১৫ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ আগবঢ়া গণ সুৰক্ষা পাৰ্টীলৈ কোনো সমৰ্থন নাই বুলিও সংবাদমেলত সদৰি কৰে।

লগতে পঢ়ক : WATCH |Ranjeet Kumar Dass : বৰক্ষেত্ৰীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস