Local, Vocal, Global

WATCH | Mushalpur News: নৱ প্ৰজন্মৰ বাবে বিপিএফ দলে সাজু কৰি ৰাখিছে বহু আচঁনি

মুছলপুৰ,২০ফেব্ৰুৱাৰী : বিটিচি পৰিষদীয় নিৰ্বাচন আৰম্ভ নহওতেই বিটিচিৰ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দল সমূহে নিজা কায়দাৰে কুচ-কাৱাজ আৰম্ভ কৰিছে । হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও অনুষ্ঠিত কৰি গৈছে ইখনৰ পাছত সিখনকৈ কৰ্মী সভা(Mushalpur News)।

বুধবাৰে বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত যুৱ বিপিএফ, মহিলা বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ যৌথ সভাত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই ।

তেওঁ কয় যে বিপিএফে নতুন চামৰ বাবে কাম কৰিবলৈ আগ্ৰহী । নৱ প্ৰজন্মৰ বাবে বিপিএফৰ আছে বহু পৰিকল্পনা । আমি বিভিন্ন ধৰণেৰে যুৱচামক আগবঢ়াই নিবলৈ সাজু আছো । আমাৰ বিপিএফ দল যেতিয়াই বিটিচিৰ শাসনত আহিব তেতিয়াই শিক্ষাৰ অগ্ৰগতি, নিবনুৱা যুৱক-যুৱতীৰ কৰ্ম সংস্থাপন, দক্ষতা বিকাশৰ উপযুক্ত প্লেটফৰ্ম ইত্যাদিকে ধৰি কেবাটাও উন্নয়নমূলক কামত প্ৰথম বছৰতে ১০০ কোটি টকা ব্যয় কৰিবলৈ আমি প্ৰস্তুত আছো ।

তেওঁ লগতে বিপিএফ দলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি উল্লেখ কৰি অতি কমেও ২৫ খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰে । ইফালে হিতেশ বসুমতাৰীৰ বিপিএফ ত্যাগ তথা ইউপিপিএল গমনে বিপিএফৰ কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে বিপিএফৰ সাধাৰণ সম্পাদক গৰাকীয়ে । লগতে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশন এক গৌৰৱৰ কথা বুলি উল্লেখ কৰি কয় যে সেই বিটিচি সচিবালয় হাগ্ৰামা মহিলাৰীয়ে পাতিছিল।

লগতে পঢ়ক: WATCH | Assam Legislative Assembly Budget Session 2025: আজি অসম বিধানসভা বাজেট অধিবেশনৰ তৃতীয় দিন